বিলাসীপাৰাৰ চাপৰত অসমৰ ইতিসাহৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান; এক্সকেভেটৰে খেদি খেদি আঁতৰ কৰিলে ১০০০ৰো অধিক পৰিয়াল। হিংসাত্মক ৰূপ ধাৰণ কৰিছে বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযান। উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী, প্ৰশাসনৰ লোকক বাধা প্ৰদান কৰিছে স্থানীয় ৰাইজে। ভাঙিছে প্ৰশাসনৰ বাহন।
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী, প্ৰশাসনৰ লোকক বাধা প্ৰদান কৰিছে স্থানীয় ৰাইজে। ভাঙিছে প্ৰশাসনৰ বাহন।
উল্লেখ্য যে চাপৰৰ সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত মঙলবাৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। দাবী কৰা হৈছে এই উচ্ছেদ অভিযান অসমৰ ইতিসাহৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান।
আজি প্ৰশাসনে এই উচ্ছেদ চলাবলৈ যোৱাৰ সময়তে প্ৰথমে পৰিস্থিতি শান্তিপূৰ্ণ আছিল যদিও পৰৱৰ্তী সময়ত উত্তপ্ত হৈ পৰে। একাংশ উচ্ছেদিতই হাতে হাতে লাঠি, দা, কোঠাৰ আদি লৈ ঘৰ ভাঙিবলৈ অহা বুলড’জাৰ ভাঙিবলৈ খেদি যোৱাৰ লগতে শিল, ইটা আদি দলিয়াই বুলড’জাৰ ভাঙি পেলায়।
ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ঘটনাস্থলিত উপস্থিত হৈ উচ্ছেদ কাৰ্যক তীব্ৰ বিৰোধিতা কৰি কয় এই উচ্ছেদ অমানৱীয় কিন্তু প্ৰশাসনৰ তৎপৰতাত অখিল গগৈক ধুবুৰী জিলাৰ পৰা বাহিৰ কৰি দিয়া হয় পৰবৰ্তী সময়ত সন্ধিয়াই সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰে যে- “মই হিংসাক বিৰোধিতা কৰোঁ— চৰকাৰী হিংসা বা ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ব্যক্তিৰ হিংসা বা সন্ত্ৰাসবাদ। ৰাষ্ট্ৰসন্ত্ৰাসে সন্ত্ৰাসবাদৰ জন্ম দিয়ে, সন্ত্ৰাসবাদে ৰাষ্ট্ৰসন্ত্ৰাসক ন্যাৰ্যতা দিয়ে। উচ্ছেদে ক্ষোভৰ জন্ম দিয়ে, ক্ষোভত জন্ম হয় ব্যক্তি হিংসা। ব্যক্তিগত হিংসাই ৰাষ্ট্ৰসন্ত্ৰাসৰ ন্যাৰ্যতা দিয়ে। এই প্ৰক্ৰিয়া দ্বন্দ্বাত্মক।
স্মৰ্তব্য যে, বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ব বৃহৎ উচ্ছেদ অভিযান চলিছে। বিলাসীপাৰা সম-জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা জংগল ব্লক গাঁৱত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। শ শ বুলড’জাৰ, আৰক্ষীৰ সমৰসজ্জাৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ। তাৰ পূৰ্বেই অৱশ্যে বহুতে নিজৰ ঘৰ ত্যাগ কৰি অন্য স্থানলৈ ৰাওনা হোৱাও পৰিলক্ষিত হৈছে।
0 Comments